অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱাৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰাজখোৱাই ৮১ বছৰ বয়সত যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
সাহিত্য সভাৰ তিনিবাৰৰ প্ৰধান সম্পাদক ৰূপে সাহিত্য জগতখনৰ বিকাশৰ হকে অৱদান আগবঢ়োৱা ড° অমল ৰাজখোৱা (Dr Amal Rajkhowa dies in JMCH)ৰ মৃত্যুত অসমৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে।
ৰাজখোৱাই কুৰিৰো অধিক গ্ৰন্থ ৰচনা কৰাৰ ৰাজখোৱাৰ জন্ম হৈছিল ১৯৪১ চনত যোৰহাটত। কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি লাভ কৰে। ৰাজখোৱাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে।
