তীব্ৰ বেগী গাড়ীয়ে মহটিয়ালে এম্বুলেন্স, নিহত ৫



 একে ঠাইতে দুটা দুৰ্ঘটনা, মুম্বাইত সংঘটিত এই দুৰ্ঘটনাত ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন ১৩গৰাকী লোক। মুম্বাইৰ বান্দ্ৰাৰ পৰা ৱৰ্লিলৈ যোৱা পথত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তাত উপস্থিত হোৱা এম্বুলেন্সত আন এখন বাহনে তীব্ৰ গতিত খুন্দা মাৰে।


বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত দ্বিতীয়টো দুৰ্ঘটনা। প্ৰথমটো দুৰ্ঘটনাৰ আহতসকলক চিকিৎসালয়লৈ লৈ যাবলৈ এম্বুলেন্স আহি উপস্থিত হয়। পথৰ এফালে এম্বুলেন্স ৰখাৰ লগতে আহতসকলক উঠাই নিয়াৰ কাম চলি আছিল। হঠাতে তীব্ৰবেগী গাড়ী এখনে এম্বুলেন্সখনত খুন্দা মাৰে। ক্ষন্তেকতে পৰিস্থিতি সলনি হৈ যায়।

আৰক্ষীয়ে জনোৱা মতে, আহতসকলৰ ভিতৰত ৬জন গুৰুতৰভাৱে আহত হৈছে। বাকীকেইজনক প্ৰাথমিক চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। তেওঁ টুইট কৰি মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লিখিছে, "যিসকল আহত হৈছে, তেওঁলোক সোনকালে সুস্থ হওক।" বান্দ্ৰা আৰু ৱৰ্লি পথো বন্ধ কৰা হৈছে।

Post a Comment

Previous Post Next Post