আম্বানী পৰিয়ালৈ পুনৰ প্ৰাণনাশৰ ভাবুকি দুৰ্বৃত্তৰ! এইচ এন ৰিলায়েঞ্চ হাস্পতাললৈ দুৰ্বৃত্তৰ ফোন

 


পুনৰ আম্বানী পৰিয়াললৈ ভাবুকি দুৰ্বৃত্তৰ। মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ ফোন কৰি ভাবুকি প্ৰদান দুৰ্বৃত্তৰ। আজি দুপৰীয়া ১২.৫৭ বজাত হাস্পতালখনৰ লেণ্ডলাইন নম্বৰলৈ এক অজ্ঞাত নম্বৰৰ পৰা ফোনকল আহিছিল। ফোনত মুকেশ আম্বানী, নীতা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীসহ আন সদস্যক প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই।


ফোন কৰাজনে ৰিলায়েন্স এইচ এন হাস্পতালখনো উৰুৱাই দিয়াৰ ভাবুকি দিছে। এই সন্দৰ্ভত মুম্বাইৰ ডিবি মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে আৰু মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে কয় যে শীঘ্ৰে দুৰ্বৃত্তক ধৰা পেলাবলৈ সক্ষম হ’ব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ১৫ আগষ্টত ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ ভাবুকি আহিছিল। ফোনত ভাবুকি প্ৰদান কৰিছিল দুৰ্বৃত্তই। ইমানেই নহয়, এবাৰ নহয় তিনিবাৰকৈ ভাবুকিভৰা ফোন আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি মুম্বাইৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

Post a Comment

Previous Post Next Post