২৪ ঘণ্টাৰ ভিতৰতে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই কালি উত্তৰ কোৰিয়াই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ উত্তৰ ক্ষেপনাস্ত্ৰ নিক্ষেপেৰে দিয়ে। বুধবাৰে দুয়োখন দেশে জাপান সাগৰত চাৰিটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। কিম জং উনৰ দেশখনে মঙলবাৰে পুৱা জাপানৰ ওপৰেৰে এটা ছাৰপ্ৰাইজ মিছাইল নিক্ষেপ কৰিছিল। পিছত দক্ষিণ কোৰিয়াৰ সেনাই জনোৱা মতে, বুধবাৰে তেওঁলোকে ‘প্ৰতিশোধ’ ল’বলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, দক্ষিণ কোৰিয়া আৰু আমেৰিকাই দুটাকৈ ‘আৰ্মী টেকটিকেল মিছাইল ছিষ্টেম’ মিছাইল নিক্ষেপ কৰিছে। মঙলবাৰে উত্তৰ কোৰিয়াৰ বেলিষ্টিক মিছাইল নিক্ষেপ কাৰ্যক গৰিহণা দিছিল দুয়োখন দেশে। পিছত ২৪ ঘণ্টাৰ ভিতৰতে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই উত্তৰ কোৰিয়াক প্ৰতিহত কৰিবলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই ঘটনাৰ ফলত অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য, ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল উত্তৰ কোৰিয়াই। জাপানৰ মুখ্য কেবিনেট সচিব হিৰোকাজু মাটছুনোৱে এক সংবাদমেলত কয় যে মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:৪৪ বজাত উত্তৰ-পূব জাপান পাৰ হৈ প্ৰশান্ত মহাসাগৰত পৰে ক্ষেপণাস্ত্ৰ। উত্তৰ কোৰিয়াৰ এনে আচৰণক আক্ৰমণাত্মক বুলি অভিহিত কৰে। উত্তৰ জাপানত ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ বাবে ৰে’লসেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। বাসিন্দাসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হয়।
Tags:
International
