প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে হিমাচল প্ৰদেশৰ কুল্লুত অনুষ্ঠিত বিশ্ব বিখ্যাত আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ কুল্লুত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোডীক তাত উপস্থিত ৰাইজে উষ্ম আদৰণি জনায়। প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে কুল্লু দশেৰা উৎসৱত অংশগ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দশেৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই কয় যে এই উৎসৱ বিজয়ৰ প্ৰতীক। "বিজয় উৎসৱ বিজয়া দশমীৰ বাবে সকলো দেশবাসীক বহুত অভিনন্দন জনাইছো। এই পৱিত্ৰ অনুষ্ঠানটোৱে সকলোৰে জীৱনত সাহস, সংযম আৰু ইতিবাচক শক্তি কঢ়িয়াই আনক।"প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশৰ বিলাসপুৰত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৭ চনৰ অক্টোবৰত আধাৰশিলা স্থাপন কৰিছিল। এই সময়ছোৱাত তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে প্ৰকল্পসমূহৰ ভেটি স্থাপন কৰিছিল আৰু নিৰ্বাচনৰ পিছত সেইবোৰ সম্পূৰ্ণ কৰিবলৈ পাহৰি গৈছিল, কিন্তু বৰ্তমানৰ চৰকাৰে আধাৰশিলা স্থাপন কৰে আৰু প্ৰকল্পসমূহউদ্বোধন কৰে।
এইমছ বিলাসপুৰ ১,৪৭০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। চিকিৎসালয়খন ২৪৭ একৰত বিয়পি আছে। ইয়াত ২৪ ঘণ্টাৰ জৰুৰীকালীন অৱস্থা আৰু ডায়েলাইচিছ সুবিধা, আধুনিক ডায়গনষ্টিক মেচিন যেনে আল্ট্ৰাচোনোগ্ৰাফী, চিটি স্কেন, এমআৰআই আদি, অমৃত ফাৰ্মাচী আৰু জন ঔষধি কেন্দ্ৰ আৰু ৩০ বিচনাযুক্ত আয়ুষ খণ্ড আছে।
