আগন্তুক লোকসভাত এঘড়ী যুঁজ দিয়াৰ সংকল্পৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সলনি কৰিলে নিজৰ দলৰ নাম। তেলেংগানা ৰাষ্ট্ৰ সমিতি (TRS)ক দিয়ে নতুন নাম ভাৰত ৰাষ্ট্ৰ সমিতি (BRS)।
এটা নতুন ঐক্যবদ্ধ ফ্ৰণ্ট গঠনৰ বাবে কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰি ৰাৱে এই সিদ্ধান্ত লয়। দলৰ সাধাৰণ সভাত টি আৰ এছৰ নাম সলনি কৰি বি আৰ এছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু অন্যান্য নিৰ্বাচিত প্ৰতিনিধিয়ে টি আৰ এছক নতুন দলত একত্ৰিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰাৰ পিছতে এই নতুন নামকৰণ কৰা হয়। বুধবাৰে দিনৰ ঠিক ১.১৯ বজাত এই বিষয়ে ঘোষণা কৰে।
পিটিআইৰ মতে, তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা টিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওক দলীয় কৰ্মীসকলে তেওঁৰ ভৱিষ্যৎ সংকল্পৰ আদৰণি জনায়। ৰাৱে বিজয়দশমী উপলক্ষে প্ৰগতি ভৱনত পৰিয়ালৰ লোকৰ সৈতে পূজা প্ৰদৰ্শন কৰাৰ পিছত এই ঘোষণা কৰে। নতুন দল ঘোষণা অনুষ্ঠানত জেডি(এছ) নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ লগতে তেওঁৰ ২০ জন বিধায়কে টি আৰ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকে। এই নতুন নামেৰে ৰাৱে ২০২৪ চনত ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উচ্চাকাংক্ষাৰ ইংগিত দিছে।
উল্লেখ্য, যিটোক ৰাষ্ট্ৰীয় দললৈ ৰূপান্তৰিত কৰা হয়। নতুন ৰাষ্ট্ৰীয় দলৰ ঘোষণাক লৈ উৎফুল্লিত হৈ পৰিছে টি আৰ এছৰ সমৰ্থকসকল। ৰাজপথত দেখা যায় সমৰ্থকে হাতত বহুতো বেনাৰ, পোষ্টাৰ লৈ সমদল উলিওৱা, য'ত লিখা আছিল, দেশৰ নেতা কে চন্দ্ৰশেখৰ ৰাও।