তেওঁলোকৰ গৱেষণাই কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাইছে


 

ৰসায়ন বিজ্ঞানত নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা। কেৰ’লিন বাৰ্ট’জি (Carolyn Bertozzi), মৰ্টেন মেলডাল (Morten Meldal), কে বেৰী শ্বাৰপ্লেছে (Barry Sharpless) যৌথভাৱে এই সন্মান লাভ কৰিছে। বুধবাৰে তেওঁলোকৰ নাম ঘোষণা কৰে ষ্টকহ’মৰ কেৰ’লিনস্কা ইনষ্টিটিউটে। নোবেল বঁটা সমিতিৰ মতে, ‘ক্লিক ৰসায়ন আৰু বায়’অৰ্থ’গনেল ৰসায়নৰ বিকাশ’ (for the development of click chemistry and bioorthogonal chemistry)ৰ ক্ষেত্ৰত তেওঁলোকৰ বিকাশৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হৈছে।


তিনিওজনে লাভ কৰিব এক কোটি ছুইডেন ক্ৰ’নাৰ বা চাৰে সাত কোটি টকা। এই ধনৰাশি তিনিওজন বিজ্ঞানীৰ মাজত সমানে ভাগ কৰা হ’ব। মন কৰিবলগীয়া যে বেৰী শ্বাৰপ্লেছে দ্বিতীয়বাৰৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰি  এক নজিৰ গঢ়ি তুলিছে। তেওঁ দ্বিতীয়বাৰৰ বাবে এই বঁটা পোৱা বিশ্বৰ পঞ্চমগৰাকী বিজ্ঞানী।

ইয়াৰ পূৰ্বে মেডাম কুৰীয়ে এবাৰ পদাৰ্থ বিজ্ঞানত (১৯০৩) আৰু এবাৰ ৰসায়ন বিজ্ঞানত (১৯১১) নোবেল বঁটা লাভ কৰি এক নজিৰ গঢ়ি তুলিছিল। একেদৰে ফ্ৰেডেৰিক চেংগাৰেও দুবাৰকৈ নোবেল বঁটা লাভ কৰিছিল। তিনিওগৰাকী বিজ্ঞানীয়ে অণুৰ ৰাসায়নিক ক্ৰিয়াৰ ওপৰত উল্লেখযোগ্য কাম কৰিছে। তেওঁলোকৰ গৱেষণাই কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাইছে।

Post a Comment

Previous Post Next Post