জুৱাৰীৰে ভৰি পৰিছে মাণিকপুৰ থানা ৷ বঙাইগাওঁ জিলাৰ মাণিকপুৰত আৰক্ষীয়ে অভিযান চলাই ১১ জনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।এক গোপন খবৰৰ ভিত্তিত অদলাগুৰী আৰু পাতিলাদহাকে ধৰি দুটাকৈ স্থানত চলোৱা অভিযানত জুৱাৰী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
কালী পূজাৰ নামত চলিছিল এই বৃহৎ জুৱাখেল। জুৱা খেল চলি থকাৰ সময়তে মাণিকপুৰ আৰক্ষীয়ে অভিযান চলাই জুৱাৰী কেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত পাতিলাদহাৰ পৰা ছয় জনৰ লগতে অদলাগুৰীৰ পৰা পাচজন জুৱাৰীক গ্ৰেপ্তাৰ কৰে । এওলোক ক্ৰমে সহদেৱ কৰ্মকাৰ, পিন্টু বিশ্বাস, বিকাশ কৰ্মকাৰ, বিনয় কৰ্মকাৰ, সুজন কৰ্মকাৰ আৰু অশোক শীল , টিকেন ৰায়, দিলীপ ৰায়, ভৈৰৱবুদ্ৰা ৰায়, দেৱৰাম বৰা আৰু ভগোৰাম ৰায় ৷ জুৱাৰীসকলেৰ পৰা নগদ ৯০৭০ টকা আৰু জুৱা খেলত ব্যৱহৃত সা সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে । জুৱাৰী কেইজনকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে কেউজন জুৱাৰীকে আদালতত হাজিৰ কৰোৱাত জেল হাজোতলৈ প্ৰেৰণ কৰিব।
Tags:
National
