চলিত বৰ্ষৰ মাৰ্চত অংকিত দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ ছবিত শ্ৰদ্ধাঞ্জলি



 প্ৰয়াত বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি। জালুকবাৰী উৰণীয়া সেতুৰ দেৱালত অংকিত ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছবিখন অংকন কৰা চিত্ৰশিল্পী ভেজালৰ।


উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চত প্ৰয়াত কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ প্ৰেমৰ স্মৃতিত অংকন কৰিছিল চিত্ৰখন।

আনকি তেওঁ সদ্যপ্ৰয়াত যশস্বী অভিনেতা নিপন গোস্বামীৰ স্মৃতিতো আজি অংকন কৰিছিল এখন দেৱাল চিত্ৰ।

দেৱালত অংকন কৰা এই ছবিয়ে বিশেষ সমাদৰ লাভ কৰিছে যদিও একাংশ নিকৃষ্ট মানসিকতাৰ লোকৰ কাৰ্যকলাপত দুখ প্ৰকাশ কৰে ভেজালে। বৰেণ্য লোকসকলৰ চিত্ৰক সন্মান কৰিবলৈ সকলোকে আহ্বান জনায় যুৱ চিত্ৰশিল্পীগৰাকীয়ে। পোষ্টাৰ লগাই অথবা পিক পেলাই চিত্ৰসমূহক অসন্মান নকৰিবলৈ কাতৰ অনুৰোধ জনায় তেওঁ।

Post a Comment

Previous Post Next Post