দক্ষিণ কামৰূপৰ সোণতলীত ডেংগু জ্বৰৰ প্ৰকোপ। এই জ্বৰত আক্ৰান্ত হৈ সোণতলীত এগৰাকী মহিলা মৃত্যু মুখত পৰিছে ৷ দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ গাফিলতিৰ বাবে ডেংগু জ্বৰত আক্ৰান্ত মহিলাৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে ৷
অভিযোগ অনুসৰি ডেংগুত আক্ৰান্ত হোৱা ৰোগীক টায়ফড আৰু মেলেৰীয়া পৰীক্ষা কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে দায়িত্ব সামৰিছিল। বিগত ১৮ অক্টোবৰত কামৰূপৰ সোণতলীৰ জাওঁকাটা গাঁৱৰ ৪৫ বৰ্ষীয় ফাতিমা খাতুন নামৰ মহিলা গৰাকীক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল৷
মন কৰিবলগীয়া যে, চিকিৎসকে কেৱল টায়ফড জ্বৰ হোৱা বুলি কৈ চিকিৎসা প্ৰদান কৰি ঘৰলৈ পঠাই দিছিল মহিলাগৰাকীক। কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা নিৰিক্ষাৰ অন্তত ডেংগু পজিটিব বুলি অৱগত কৰায় অভিভাৱকক ৷ তাৰ কিছু সময় পিছতেই চিকিৎসালয়ত মহিলাগাৰীৰ মৃত্যু হয়।
ইয়াৰ পিছতে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰিছে। বৰ্তমান আৰক্ষীৰ ওচৰত উপযুক্ত তদন্তৰ দাবী পৰিয়ালৰ লোকৰ।
ইয়াৰ পিছতে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰিছে। বৰ্তমান আৰক্ষীৰ ওচৰত উপযুক্ত তদন্তৰ দাবী পৰিয়ালৰ লোকৰ।
Tags:
National
