''এজন দৰ্শক হিচাপে নাটকখন চাই ভাল পাইছোঁ আৰু দেশপ্ৰেমৰ এটা ভাল ধাৰণাৰ সৃষ্টি হয়"


 

আৱাহন থিয়েটাৰৰ নাট ''লভিতা''ক লৈ ৰাজ্যত চলি আছে বিতৰ্ক। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই এই নাটকখন বিকৃত কৰা বুলি হৈছে চৰ্চা। এই নাটকখন গুৱাহাটীৰ গণেশগুৰিত প্ৰদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো।


আজি সাংবাদিকে মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত মতামত জানিব বিচৰাত তেওঁ উল্লেখ কৰে এনেদৰে– ''মইতো লভিতাক লভিতা বুলিয়েই চাবলৈ গৈছোঁ, নাটকখন চাই সঁচাকৈয়ে ভাল লাগিছে। প্ৰস্তুতি পৰাশৰে খুব ভাল অভিনয় কৰিছে। মই ভাবোঁ নাটকখন চালে হয়তো বিতৰ্কৰ বহু অৱকাশ নাথাকিব।''

উল্লেখ্য, জ্যোতিপ্ৰসাদৰ মূল নাট লভিতাত ভাৰত মাতা কি জয় সংলাপ নাছিল, তাৰ পৰিৱৰ্তে আছে বন্দে মাতৰম। কিন্তু অভিজিৎ ভট্টাচাৰ্যৰ নাটকখনত 'ভাৰত মাতা কি জয়' সংলাপ সংযোজন কৰা হৈছে। এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– ''মোৰ যিমানদূৰ মনত আছে, তাত জ্যোতিপ্ৰসাদৰ পৰা প্ৰেৰণা লোৱা বুলি কোৱা হৈছে, মই নাটকৰ বিষয়ে বিশেষ নাজানো, গুণী–জ্ঞানী ব্যক্তিসকলে নাটকখন চাই মতামত দিলে তাক আমি গ্ৰহণ কৰিব পাৰিম। কিন্তু কিছুমান বিতৰ্ক যেনে– ভাৰত মাতা কি জয় কিয় কোৱা হৈছে? কিন্তু ভাৰতত ভাৰত মাতা কি জয় নকৈ আৰু কি ক'ব। গতিকে সেই বিতৰ্কবোৰৰ কোনো অৰ্থ নাই। কিন্তু যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ক'ৰোবাত ভুলকৈ প্ৰজেক্ট কৰা হৈছে বা ৰূপকোঁৱৰৰ কৰ্মৰাজিক ভুলকৈ প্ৰস্তুত কৰা হৈছে, সেয়া গুণী–জ্ঞানী ব্যক্তিয়ে ক'ব পাৰিব আৰু তেওঁলোকে নাটকখন চোৱাৰ পিছত কৰা সমালোচনা গ্ৰহণযোগ্য হ'ব। কিন্তু মই এজন দৰ্শক হিচাপে নাটকখন চাই ভাল পাইছোঁ আৰু দেশপ্ৰেমৰ এটা ভাল ধাৰণাৰ সৃষ্টি হয়।''

Post a Comment

Previous Post Next Post