শুকুৰবাৰে তুৰ্ৰ কৃষ্ণ সাগৰ উপকূলত কয়লা খনিৰ বিস্ফোৰণত কমেও ২৫ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এএফপিৰ দ্বাৰা এই তথ্য প্ৰকাশ কৰা হৈছে। খবৰ অনুসৰি আমাছৰা চহৰৰ কয়লা খনিত মিথেন বিস্ফোৰণৰ পিছত ডজন ডজন কয়লা খনি কৰ্মী এতিয়াও আৱদ্ধ হৈ আছে। প্ৰথমতে, বিস্ফোৰণটোত ১৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। তুৰ্কীৰ স্বাস্থ্যমন্ত্ৰী ফাহৰেটিন কোকাই এক টুইটযোগে কয় যে কয়লা খনিৰ পৰা ১১ জন লোকক জীৱিত অৱস্থাত উলিয়াই অনা হৈছে। তেওঁলোকক চিকিৎসাৰ বাবে ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
জানিব পৰা মতে, ঘটনাটোৰ সময়ত খনিটোত কমেও ১১০ জন লোকে কাম কৰি আছিল। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৰ মতে, খনিটোত ৩০০ মিটাৰৰ পৰা ৩৫০ মিটাৰ ভিতৰত দুটা পৃথক এলেকাত প্ৰায় ৫০ জন খনি কৰ্মী আৱদ্ধ হৈ আছিল। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ আজি বিস্ফোৰণস্থলী পৰিদৰ্শন কৰিব।
উল্লেখ্য যে, সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এৰ্দোগানে টুইট কৰি কয়, "আমাৰ আশা হৈছে যে প্ৰাণহানি আৰু বৃদ্ধি নহ'ব, আমাৰ খনি কৰ্মীসকল সুৰক্ষিতভাৱে ৰক্ষা পাব আৰু আমাৰ সকলো প্ৰচেষ্টা এই দিশত আছে।" খবৰ অনুসৰি বিস্ফোৰণটো সূৰ্যাস্তৰ কিছু মুহূৰ্তৰ আগতে সংঘটিত হৈছিল যাৰ বাবে উদ্ধাৰ প্ৰচেষ্টা অন্ধকাৰৰ দ্বাৰা বাধাগ্ৰস্ত হৈছিল।
আমাছৰাৰ মেয়ৰ ৰেকাই কাকিৰৰ মতে, খনিৰ পৰা উদ্ধাৰ হোৱা বহুলোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। উদ্ধাৰ অভিযান চলি আছে। ইফালে, বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
মন কৰিবলগীয়া যে, ২০১৪ চনত, তুৰ্কীয়ে আটাইতকৈ ভয়ংকৰ কয়লা খনন দুৰ্যোগৰ সাক্ষী হৈছিল। ২০১৪ চনৰ ১৩ মে'ত চোমা চহৰৰ আইনেজ কয়লা খনিত সংঘটিত এক বিস্ফোৰণত কমেও ৩০০ জন লোক নিহত হৈছিল।

Tags:
National