বাইহাটা চাৰিআলিৰ মুক্তাপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পথৰ দাঁতিত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন মুক্তাপুৰৰ সত্ৰ চুবুৰীৰ ৰাজু তালুকদাৰ। শুকুৰবাৰে সন্ধিয়া লগৰ ল’ৰাই ফোন কৰাত ওলাই গৈছিল ৰাজু। কিন্তু নিশালৈ ঘৰলৈ উভতি অহা নাছিল ৰাজু।
ৰাজু ঘৰলৈ উভতি নহাত মাতৃয়ে বাৰম্বাৰ ফোন কৰিছিল যদিও ৰাজুৰ ফোন অফ পাইছিল। আজি পুৱা পথৰ দাঁতিত থকা এজোপা গছৰ তলত ৰাজুৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
Tags:
National