'বসুন্ধৰা' উকা কৰি দীপালী বাইদেউৰ ওচৰলৈ গুচি গ'ল চিত্ৰশিল্পৰ ৰূপকোঁৱৰ নীলপৱন বৰুৱা


 

সাংস্কৃতিক জগতৰ বাবে দুঃসংবাদ কঢ়িয়াই আৰু এগৰাকী যশস্বী অসম সন্তানে বিদায় মাগিলে। অভিনেতা নিপন গোস্বামী ঢুকুওৱাৰ শোকৰ মাজতে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুৰ খবৰে স্বাভাৱিকতে ৰাজ্যবাসীক শোকাকুল কৰি তুলিছে।


চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা জুনত যোৰহাটৰ তামুলীছিঙা গাঁৱত। তেওঁৰ পিতৃ আছিল অসমীয়া সাহিত্যৰ স্বনামধন্য কবি, ‘ধ্বনি কবি’ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ আছি লাৱণ্যপ্ৰভা বৰুৱা।

শিল্পীসুলভ মনৰ বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬১ চনত শান্তি নিকেতনত কৃষি-অর্থনীতি পঢ়িবলৈ যায়, কিন্তু তাত শিল্পীসকলক লগ পাই তেওঁৰ মন চিত্র-ভাস্কর্যৰ প্রতি আকর্ষিত হয়৷ সেয়ে আদবাটতে তেওঁ কৃষি-অর্থনীতি পঢ়িবলৈ এৰি দি শিল্পকলাৰ ছাত্র ৰূপে ১৯৬৬ চনত শিল্পকলাৰ স্নাতক ডিগ্রী লয়৷ পিছত তেওঁ শ্রীনিকেতনৰ পৰা ‘চি আই টি’ত মৃৎশিল্পৰ দুবছৰীয়া পাঠ্যক্রম এটাও সম্পূর্ণ কৰিছিল৷

নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাংকনৰ শিক্ষা লোৱা বৰুৱাই ১৯৬৬ চনত ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগদান কৰে। ১৯৭১ চনত প্ৰতিষ্ঠা কৰে অসম চাৰু-কাৰু কলা পৰিষদ ‘বসুন্ধৰা কলা নিকেতন’ নামেৰে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয়।

বসুন্ধৰা নামটোৰ সৈতে নীলপৱন বৰুৱাই আছিল এক এৰাব নোৱাৰা সম্পৰ্ক। তেওঁৰ বাসভৱনৰ নামো আছিল বসুন্ধৰা। এই বসুন্ধৰাতে বৰুৱাই আঁকিছিল পত্নী দীপালী বৰঠাকুৰৰ সৈতে ৰূপকথাৰ চিত্ৰ। দীপালী বৰঠাকুৰৰ সৈতে তেওঁৰ সম্পৰ্কও আছিল আদৰ্শৰ অন্য নাম।
১৯৭৬ চনত শিৱসাগৰৰ কন্যা দীপালী বৰঠাকুৰৰ পাণিগ্ৰহণ কৰিছিল বৰুৱাই। সেয়াও আছিল অনন্য প্ৰেমৰ উদাহৰণ। জীৱনৰ মাত্র ২১ বছৰ বয়সতে শেষৰটো গান গাবলগীয়া হোৱা অসমৰ নাইটিংগেল খ্যাত দীপালী বৰঠাকুৰ ১৯৬৯ চনত মটৰ নিউৰণ ৰোগত আক্রান্ত হৈছিল। কিন্তু প্ৰেমৰ অনন্ত আকাশ চুব জনা বৰুৱাই গ্ৰহণ কৰিছিল দীপালী বৰঠাকুৰৰ পাণি আৰু পত্নীৰ শেষ সময়কণলৈ তেওঁ লৈছিল যত্ন।

অৱশেষত ৰাজ্যবাসী তথা বহু অনুৰাগীক শোকসাগৰত পেলাই বৰুৱাই জীৱননাটৰ যৱনিকা পেলালে গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় হাস্পতালত। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

Post a Comment

Previous Post Next Post