শিৱসাগৰত মন্ত্ৰী ৰণোজ পেগুৱে মাইক্ৰ’ফাইনেন্স উদগনি আঁচনিৰ চেক বিতৰণ কৰা অনুষ্ঠানৰ পিছতে অষ্টম শিৱসাগৰ গ্ৰন্থ উৎসৱত প্ৰৱেশ কৰে মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেইবাখনো বিপনীত প্ৰৱেশ কৰে । শিৱসাগৰত সেচ্ছাসেৱী সংগঠন খোঁজৰ উদ্যোগত ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু যুৱ মহোৎসৱত গ্ৰাহকৰ ৰূপত দেখা গ'ল অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুক । শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীজনে এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত কিতাপ ক্ৰয় কৰে।
শিক্ষামন্ত্ৰীয়ে শিৱসাগৰ গ্ৰন্থ উৎসৱৰ উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।সকলো জিলাত নিয়মিতভাৱে গ্ৰন্থ মেলা পাতিব লাগে বুলিও তেওঁ মন্তব্য কৰে। কেইখনমান ভিতৰুৱা অঞ্চলত গ্ৰন্থমেলা পতা দৃষ্টিগোচৰ হৈছে এইটো অতি ভাল লক্ষণ। কিতাপ পঢ়াৰ যেনেকৈ সুযোগ লাগে কিতাপ কিনাৰো সুযোগ লাগে সেই সুযোগ প্ৰদান কৰিছে উদ্যোক্তা সকলে।
