শিৱসাগৰৰ মেলাচকৰ এগৰাকী অধিবক্তাৰ ঘৰৰ পৰা বৃহৎ অংকৰ ধন চুৰি হোৱা বুলি এজাহাৰ দাখিল কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰসিদ্ধ কুমাৰ বৰা নামৰ অধিবক্তা গৰাকীৰ ঘৰৰ পৰা ৪০ লাখ টকা চুৰি হোৱা বুলি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।
ঘটনাৰ বিৱৰণী মতে ২১ অক্টোবৰৰ পৰা অধিবক্তা গৰাকী ঘৰত নাছিল। কাৰ্বিআংলঙত ন্যায়াধীশ হিচাপে কৰ্মৰত পত্নীৰ ওচৰলৈ যোৱাৰ সময়তে লকাৰৰ পৰা অন্তৰ্ধান হয় বৃহৎ পৰিমানৰ ধন। ঘৰৰ তলা খুলি চোৰে এই ধনৰাশি লৈ যোৱা বুলি অভিযোগ। প্ৰসিদ্ধ কুমাৰ বৰাই দাখিল কৰা এজাহাৰ ভিত্তিত শিৱসাগৰ থানাত ৪০২ নং গোচৰ ৰুজু কৰি IPC 380 ৰ অধীনত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ পৰা ফৰেনচিকৰ এটা দলো আহিছে তদন্তৰ বাবে ।
Tags:
National
