সংসদৰ মজিয়াত প্ৰধানমন্ত্ৰীৰ সন্মুখত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত শিৱসাগৰৰ অনন্যা দত্ত


 

শিৱসাগৰৰ ঢুলীয়াপাৰৰ এগৰাকী মেধাৱী ছাত্ৰী দিল্লীৰ সংসদ ভৱনত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে গৌৰৱ কঢ়িয়াই আনিছে।


দিলীপ দত্ত আৰু নৱনীতা বৰা দত্তৰ কন্যা অনন্যা দত্তই অহা ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসত সংসদৰ মজিয়াত দিব বক্তৃতা।

" চৰ্দাৰ বল্লভভাই পেটেল লাইফ, ফিলছফী, টিচিং এণ্ড কনট্ৰীবিউচন" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব অনন্যা দত্তই।

দেশৰ ৰাষ্ট্ৰপতি , প্ৰধানমন্ত্ৰীৰ উপৰি আন আন কেন্দ্ৰীয় মন্ত্ৰী, সাংসদৰ সন্মুখত বক্তৃতা প্ৰদান কৰিবলৈ নিৰ্বাচিত হোৱাত স্বাভাবিকতে আনন্দ প্ৰকাশ কৰিছে অনন্যা দত্তই।

লক্ষণীয় যে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসত সংসদৰ মজিয়াত দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ৮ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে বক্তৃতা প্ৰদান কৰিব। ইয়াৰ ভিতৰত উত্তৰ–পূৰ্বাঞ্চলৰ তিনিগৰাকী শিক্ষাৰ্থী নিৰ্বাচিত হৈছে। অসমৰ পৰা একমাত্ৰ অনন্যা দত্ত নিৰ্বাচিত হৈছে।উল্লেখযোগ্য যে শিৱসাগৰ কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনন্যা দত্তই  প্ৰথমে নেহৰু যুৱকেন্দ্ৰই আৰম্ভ কৰা ব্লক পৰ্যায়ৰ বক্তৃতানুষ্ঠানত , তাৰ পিছত জিলা পৰ্যায়ত আৰু পৰবৰ্তী পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত উজলি উঠিছিল। বৰ্তমান সংসদ ভৱনত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰি ছাত্ৰীগৰাকীৰ লগতে পিতৃ–মাতৃসহ পৰিয়ালৰ সকলোৰে মুখত বিৰিঙিছে হাঁহি।

সংসদ ভৱনত বক্তৃতা প্ৰদানৰ উদ্দেশ্যে অহা ৩০ অক্টোবৰত দিল্লীলৈ যাব অনন্যা।  দিল্লী যাত্ৰাৰ পূৰ্বে ছাত্ৰীগৰাকীক বিভিন্নজনে জনাইছে শুভেচ্ছা তথা অভিনন্দন।

Post a Comment

Previous Post Next Post