আজি মুক্তি লাভ কৰিলে নিপন গোস্বামী অভিনীত অসমীয়া চলচ্চিত্ৰ 'লংকাকাণ্ড'


 

আজি অসমৰ সকলো ছবিগৃহত মুক্তি পালে একচনধৰ্মী নতুন অসমীয়া ছবি 'লংকাকাণ্ড'। অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী সম্ৰাট সদ্যপ্ৰয়াত নিপন গোস্বামীয়ে অভিনয় কৰা ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে।


অসমৰ জলন্ত সমস্যাৰ লগতে খিলঞ্জীয়াৰ দুৰ্বলতাৰ সুযোগ লৈ অবৈধ বিদেশী বাংলাদেশীয়ে কিদৰে অসমৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক আদি প্ৰতিটো ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পেলাই শংকিত কৰি তুলিছে সেই বিষয়ৰ ভিত্তিতেই নিৰ্মাণ হৈছে 'লংকাকাণ্ড' ছবিখনৰ কাহিনীভাগ।

প্ৰেম-ৰোমাঞ্চ-একচনৰে ভৰপূৰ অসমীয়া চলচ্চিত্ৰ 'লংকাকাণ্ড'ৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আৰু পৰিচালনা যুৱ পৰিচালক ৰজনী বৰ্মনৰ। 'লংকাকাণ্ড' ৰজনী বৰ্মনৰ পঞ্চমখন ছবি। ছবিখন প্ৰযোজনা কৰিছে মনীষ আগৰৱালাই।

প্ৰবীণ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ লগতে বীণা বৰা, অতুল পাচনি, পল ফুকন, মুনমী ফুকন, বিবেক বৰা, ভ্ৰান্তি মেধি, ৰমেন তামূলী আদি কুৰিৰো অধিক অসমীয়া চলচ্চিত্ৰৰ নবীন-প্ৰবীণ শিল্পীৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় তাৰকা চম্পক শৰ্মা আৰু মৃদুল ভূঞাই দুটা মুখ্য চৰিত্ৰত অভিনয় কৰাটোৱে তাৎপৰ্য বহন কৰিছে।

'লংকাকাণ্ড'ৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, নীল আকাশ, দিপলীনা ডেকা আৰু ঋতিষাই।

কালি অসমৰ চলচ্চিত্ৰ জগত শূন্য কৰি বিদায় মগা নিপন গোস্বামীক এই ছবিখনৰ জৰিয়তে অনুৰাগীয়ে নতুন ৰূপত পুনৰ ৰূপালী পৰ্দাত দেখা পোৱাত আৱেগিক হৈ উঠিছে বহুজন। 'লংকাকাণ্ড' ছবিখন দৰ্শকে আগ্ৰহেৰে আকোঁৱালি ল'ব বুলি আশা কৰিছে ছবিখনৰ সৈতে জড়িত প্ৰতিজন শিল্পী তথা কলা-কুশলীয়ে।

Post a Comment

Previous Post Next Post