বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ


 

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰি কয় যে, "শ্ৰদ্ধাৰ নীলপৱন বৰুৱাদেৱে বহু উল্লেখযোগ্য সৃষ্টিকৰ্মেৰে অসমৰ চিত্ৰকলাৰ জগতখনক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে। ৰং-তুলিকাৰে সৃষ্টিশীলতাৰ পৃথিৱীখনত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বৰুৱাদেৱৰ মানৱীয় প্ৰমূল্যবোধ, অনন্য কলাশৈলী আৰু সহজ-সৰল ব্যক্তিত্বই আমাক অত্যন্ত মুগ্ধ কৰিছিল। তেখেতৰ প্ৰয়াণত আমি গভীৰভাৱে মৰ্মাহত হৈছোঁ।"

তদুপৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, "বহল দৃষ্টিভংগী, বাঙ্ময় প্ৰকাশ আৰু নিৰলস সাধনাৰে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি যোৱা নীলপৱন বৰুৱাদেৱৰ পৰলোকগামী আত্মাই চিৰশান্তি লাভ কৰক। এই শোকৰ মুহূৰ্তত তেখেতৰ নিকটাত্মীয় আৰু অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

Post a Comment

Previous Post Next Post