ভৱেশ কলিতাক ‘ঘটক’ আখ্যা জাকিৰ হুছেইন শিকদাৰৰ


 

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক ‘ঘটক’ আখ্যা দিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে। কিছুদিন পূৰ্বে ভৱেশ কলিতাই কৈছিল যে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি আছে ‘ইলু ইলু’।


ভৱেশ কলিতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি জাকিৰ হুছেইন শিকদাৰে ক’লে – ‘‘ভৱেশ কলিতা ঘটক নেকি? স্কুলত যে প্ৰেম হয়, এজনে যে চিঠি আদান প্ৰদান কৰে, তেনেকুৱা নেকি? কংগ্ৰেছ-AIUDFৰ ‘ইলু ইলু’ কেনেকৈ জানে কলিতাই?’’

বিধায়কজনে লগতে ক’লে, ‘‘আমাৰ মনে কয় তেওঁলোকৰ মাজতহে প্ৰেম আছে। AIUDF–এ কথা কাৰ বাবে কয়? AIUDF–এ কৰা মন্তব্যই কাক লাভাবান্বিত কৰে? এইবোৰ ৰাজনীতি কৰা–নকৰা সকলোৱে জানে।’’

অসমৰ ৰাইজ এতিয়া বুৰ্বক নহয়। অসমৰ ৰাইজে ২০২৪ৰ আগতে বিজেপিক প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে।

Post a Comment

Previous Post Next Post