নলবাৰীলৈ আহিব বলীউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী!


 

ৰাস মহোৎসৱক লৈ নলবাৰী হৰিমন্দিৰত ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৮৯তম ৰাস মহোৎসৱক লৈ উখল–মাখল হৰিমন্দিৰ বাকৰি। এইবাৰ ৰাসত বলীউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী অহাৰ সম্ভাৱনা আছে।


ৰাজ্যজুৰি ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। মৃন্ময় মূৰ্তি প্ৰধান উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ নলবাৰী ৰাস মহোৎসৱৰ তুংগত প্ৰস্তুতি। ৭ নবেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হ’ব হৰিমন্দিৰ বাকৰিত ৮৯তম ৰাস মহোৎসৱ।

১৯৩৩ চনত আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱত এইবেলি প্ৰদৰ্শন কৰা হ’ব জীৱন্ত ৰাস মহোৎসৱ, বহিঃৰাজ্য গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা শিল্পীৰ দল আহি প্ৰদৰ্শন কৰিব জীৱন্ত ৰাস।

মৃন্ময় মূৰ্তি প্ৰধান প্ৰধান ৰাস মহোৎসত ৬০টাকৈ স্থানত ৮০০ মৃন্ময় মূৰ্তিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপস্থাপন কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। ইয়াৰে ভিতৰত বৈদ্যুতিক মূৰ্তিও হ’ব ৰাস মহোৎসৱৰ আকৰ্ষণ।

উল্লেখযোগ্য যে দুটা বৰ্ষ কোভিডৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা ৰাস এইবেলি বহল পৰিসৰত অনুষ্ঠিত হ’ব। কিন্তু হৰিমন্দিৰৰ সমীপত নিৰ্মীয়মাণ অৱস্থাত থকা উৰণীয়া সেতুৰ বাবে ৰাস মহোৎসৱৰ সমস্যা হোৱাৰ আশংকা কৰা হৈছে।
ইফালে, নলবাৰী ৰাস মহোৎসৱত এইবেলি বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে হৰিমন্দিৰৰ সম্পাদক নগেন ডেকাই।

আনহাতে, ৰাইজৰ সেৱাত নিয়োজিত হৈ থাকিব ২০০০তকৈ অধিক স্বেচ্ছাসেৱক, নিৰাপত্তাৰ খাতিৰত চিচিটিভি কেমেৰা সংস্থাপন কৰা হ’ব। নামনি অসমৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ উপলক্ষে অসমৰ আগশাৰীৰ ৭খনকৈ ভ্ৰাম্যমাণ নাট্যদলে নাট প্ৰদৰ্শন কৰিব। লগতে মনোৰঞ্জন বাবে থাকিব মিনা বজাৰকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।লগতে গ্ৰন্থ প্ৰেমীসকলৰ বাবেও থাকিব গ্ৰন্থ মেলা। প্ৰায় ৮০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰা নলবাৰী হৰিমন্দিৰৰ নলবাৰী ৰাস মহোৎসৱৰ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে হৰিমন্দিৰৰ বাকৰিত।

Post a Comment

Previous Post Next Post