ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত ঋষি সুনক


 

সোমবাৰে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ঋষি সুনকক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে অতি সোনকালেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব।


১৯২২ চনৰ কমিটিৰ মুৰব্বী ছাৰ গ্ৰেহাম ব্ৰেডিয়ে ফলাফল ঘোষণা কৰাৰ কিছু মিনিট পূৰ্বেই তেওঁক ১৯০ জনতকৈ অধিক সাংসদে সমৰ্থন কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী পেনি মৰ্ডাউণ্টে ১০০ জন সাংসদৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল যিটো প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ পূৰ্ব চৰ্ত আৰু তেওঁ প্ৰতিযোগিতাৰ পৰা আঁতৰি গৈছিল।
ব্ৰিটেইনৰ সংবাদ মাধ্যমে জনোৱা মতে, আজি সুনাকক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা নাই যদিও ব্ৰিটেইনৰ আন এটা সংবাদ মাধ্যম আইটিভিয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে বিয়লি কিং চাৰ্লছ তৃতীয়ই নিজেই চেণ্ড্ৰিংহামৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিব।

লিজ ট্ৰাছ আৰু আগন্তুক প্ৰধানমন্ত্ৰী ঋষি সুনকে ৰজাক সাক্ষাৎ কৰিব লাগিব আৰু তেওঁৰ আমন্ত্ৰণৰ পিছতহে সুনকে চৰকাৰ গঠন কৰিব পাৰিব।

পেনি মৰ্ডাউণ্টে এক টুইটযোগে ঘোষণা কৰে যে তেওঁ এই নিৰ্বাচনী প্ৰতিযোগিতাৰ দৌৰৰ পৰা আঁতৰি আহি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে সুনকক সমৰ্থন আগবঢ়াইছে।

Post a Comment

Previous Post Next Post