নগাঁৱত চিকিৎসকক প্ৰহাৰক লৈ উত্তপ্ত পৰিস্থিতি; আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ৰিহান খানক



 নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত জৰুৰীকালীন অৱস্থাত এগৰাকী শিশুক চিকিৎসা নকৰাক লৈ কালি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।


জানিব পৰা মতে, চিকিৎসালয়খনৰ নিকতৱৰ্তী ঢাকাপট্টি অঞ্চলৰ ৰিহান খান নামৰ এজন লোকে তেওঁৰ শিশু সন্তানটিৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাত কালি নিশা প্ৰায় ১২ মান বজাত ততাতৈয়াকৈ চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত নিয়ে।সেই সময়ত কৰ্তব্যৰত চিকিৎসক ডাঃ গুনীন্দ্ৰ বৰদলৈয়ে শিশুটিক চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰি কয় যে এইখন চিকিৎসালয়ত শিশুৰ চিকিৎসা কৰা নহয় আৰু চিকিৎসক গৰাকীয়ে ম'হখুলিস্থ শিশু আৰু প্ৰসূতি চিকিৎসালয়খনলৈ নিয়াৰ পৰামৰ্শ দিয়ে। সেয়ে, নিজৰ সন্তানক চিকিৎসা কৰাবলৈ অহা ৰিহান খান নামৰ লোকজন খঙত অগ্নিশৰ্মা হৈ পৰে আৰু চিকিৎসক গৰাকীক বেয়াকৈ প্ৰহাৰ কৰে। এই লৈ চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে চিকিৎসকক আক্ৰমণ কৰা লোকজনক চিকিৎসালয়ৰ কৰ্তব্যৰত কৰ্মচাৰীয়ে আৱদ্ধ কৰি ৰাখে। ঘটনা সন্দৰ্ভত ভুক্তভোগী চিকিৎসক গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে লোকজনক আটক কৰে।

উল্লেখযোগ্য যে নগাঁও, হোজাইৰ লগতে কাৰ্বি আংলং জিলাৰ উন্নত চিকিৎসা সেৱাৰ একমাত্ৰ ভৰসাস্থল নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ পৰা প্ৰসূতি আৰু শিশু চিকিৎসা বিভাগটো ম'হখুলিলৈ লৈ যোৱাৰ পিছৰে পৰা এইখন চিকিৎসালয়ত সাধাৰণতে শিশু আৰু প্ৰসূতি সম্পৰ্কীয় চিকিৎসা কৰা নহয়। তেনে অৱস্থাত লোকজনে নিজৰ শিশু সন্তানটোক এইখন চিকিৎসালয়লৈ কিয় নিলে সেয়া এক ডাঙৰ প্ৰশ্ন। নে লোকজনৰ অজ্ঞতাৰ বাবে এইদৰে চিকিৎসালয়লৈ নিলে, সেয়াও এক চিন্তাৰ বিষয়।
উল্লেখ্য যে নগাঁও অসামৰিক চিকিৎসালয়খনত শিশু আৰু প্ৰসূতি বিভাগৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো এই কাৰ্য আজি পৰ্যন্ত সম্ভৱ হৈ উঠা নাই। যাৰ বাবে কালি নিশা এজন লোকে নিজৰ সন্তানক চিকিৎসা কৰাবলৈ সক্ষম নোহোৱাৰ বাবে এনে এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি সৰ্বত্ৰ চৰ্চিত হৈছে।

আনহাতে, অসামৰিক চিকিৎসাখনত দীৰ্ঘদিন ধৰি চলি থকা কেতবোৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে চিকিৎসা কৰিবলৈ অহা ৰোগীসকলক পৰ্যাপ্ত ঔষধ যোগান ধৰা নহয়। আনকি, চিকিৎসা সেৱাৰ ক্ষেত্ৰত ২৪/৭ বুলি দাবী কৰা চিকিৎসাখনত নিশা ৯ বজাৰ পিছত কোনো জৰুৰীকালীন ৰোগীকো কৰা নাই এক্সৰে, দিনৰ দুই বজাৰ পিছত নকৰে চি টি স্কেন। যাৰ ফলত চিকিৎসক সকলে একমাত্ৰ ৰোগীৰ ক্ষেত্ৰত কৰিবলগা পৰীক্ষা নিৰীক্ষাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিশেষকৈ নিশাৰ ভাগত উন্নত চিকিৎসা লাগিব বুলি কৈ গুৱাহাটী নাইবা ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিবলৈ বাধ্য হয়।

Post a Comment

Previous Post Next Post