জগতৰ প্ৰবীণ অভিনেতা নিপন গোস্বামী অসুস্থ

 


অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী কিছু সময় পূৰ্বে অসুস্থ হৈ পৰিছে। জানিব পৰা অনুসৰি, নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি হোৱাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয়।


খবৰ অনুসৰি, বিশিষ্ট অভিনেতাজনে শ্বাস প্ৰশ্বাসৰ অসুবিধাত ভোগাত তেওঁক তৎকালীনভাৱে নেমকেয়াৰ হস্পিতাললৈ চিকিৎসাৰ বাবে লৈ অহা হয়। বৰ্তমান নিপন গোস্বামী গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ হৃদ ৰোগ বিভাগৰ আইচিইউত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে, অভিনেতাজন বহুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। কাইলৈ অভিনেতাজনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post