কাৰ্গিলত সেনা জোৱানৰ সৈতে মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গীতত সহযোগ কৰিলে মোদীয়ে


 

কাৰ্গিলক এক বেলেগ ৰূপত ধৰা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে মঞ্চত উঠি সৈনিকসকলৰ সৈতে গীতত সহযোগ কৰে। প্ৰতি বছৰে মোডীয়ে সীমান্তৰক্ষী বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। এই বছৰো ব্যতিক্ৰম নাছিল, সোমবাৰে তেওঁ সীমান্তৰক্ষীসকলক সাক্ষাৎ কৰিবলৈ গৈছিল আৰু কাৰ্গিলত সেনা জোৱানসকলৰ সৈতে এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।


২০১৪ চনত ক্ষমতালৈ অহাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰ দীপাৱলী সেনা জোৱানৰ সৈতে পাৰ কৰি আহিছে। যোৱা বছৰো তেওঁ জম্মু-কাশ্মীৰৰ নৌশ্বেৰা সীমান্তত উপনীত হৈছিল আৰু এইবাৰো প্ৰধানমন্ত্ৰীয়ে কাৰ্গিলত উপস্থিত হৈ সেনা জোৱানসকলক সম্বোধন কৰে।
প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানসকলৰ বীৰত্বৰ শলাগ লোৱাৰ উপৰি তেওঁৰ চৰকাৰৰ দিনত অৰ্থনীতিৰ বিকাশ, ষ্টাৰ্ট আপৰ সৃষ্টি, ইছৰোৰ সফলতা, দুৰ্নীতিৰ বিৰুদ্ধে লোৱা পদক্ষেপ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ কথাও উল্লেখ কৰে।

সেনাক প্ৰশংসা কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে কাৰ্গিল ভাৰতীয় সেনাৰ বীৰত্বৰ সাক্ষী। সীমান্তৰক্ষী বাহিনী দেশৰ শক্তিৰ স্তম্ভ, তেওঁলোক সীমান্তত থকাৰ বাবেই দেশৰ জনসাধাৰণ নিৰাপদে আছে। ইয়াৰ পিছত মোডীক এক বেলেগ ৰূপত দেখা যায়। এজন জোৱানে মোদীৰ সৈতে ফটো তোলাৰ সময়তে এটি গীত পৰিৱেশন কৰে।

Post a Comment

Previous Post Next Post