আজি শেষকৃত্য সম্পন্ন হ'ব উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত হিমস্খলনত প্ৰাণ


 

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত হিমস্খলনৰ বাবে কৰুণ মৃত্যুক সাৱটি লোৱা অসমৰ দীপশিখা হাজৰিকাৰ। উল্লেখ্য যে, মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তৰকাশীৰ পৰা পিতৃয়ে তেখেতৰ শৱদেহ লৈ দিল্লীত উপস্থিত হৈছিল। কালি নিশা দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানযোগে তেখেতৰ নশ্বৰ দেহ অনা হৈছিল।


মন কৰিবলগীয়া যে, দীপশিখাৰ মৃতদেহ অসমলৈ অনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে দিল্লীৰ অসম ভৱনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিমানত আনিবৰ বাবে যাৱতীয় নীতি-নিয়ম সম্পন্ন কৰাৰ পিছত অসমলৈ অনা হৈছিল দীপশিখাৰ মৃতদেহ।

জানিব পৰা মতে, বৰ্তমান শ্ৰীমন্তপুৰৰ নিজা বাসগৃহত আছে দীপশিখাৰ শৱদেহ। প্ৰথমে নেহেৰু ষ্টেডিয়ামত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ফটাশিল আমবাৰীস্থিত গীৰ্জালৈও নিয়া হ'ব তেখেতৰ নশ্বৰদেহ। গীৰ্জাৰ পৰা পোনে পোনে মালিগাঁৱৰ আদিংগিৰিৰ কেথলিক খ্ৰীষ্টান সমাধিক্ষেত্ৰলৈ অনা হ'ব। তাতেই তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিবপৰা গৈছে।

অতি দুখৰ বিষয় যে, বিগত ৪ অক্টোবৰ তাৰিখে নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনৰ বাবে আবদ্ধ হৈছিল। এই দলটোত অসমৰ কন্যা দীপশিখা হাজৰিকাও আছিল। গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ দীপশিখা নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী আছিল। নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনীয়াৰিঙত তেখেতে এডভান্স মাউণ্টেইনিয়াৰিং কোৰ্ছ কৰি আছিল। কিন্তু নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই গিৰিৰাজ হিমালয়ক ভালপোৱা ছোৱালীজনী। হিমালয়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গ’ল তেওঁ।

হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা দিপশিখা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। ১৯৭৯ চনৰ ৫ অক্টোবৰৰ দিনা অসমৰ পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাৰ ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ গম্বুজ (Dome) শিখৰ আৰোহণ কৰি উভটি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল। আনহাতে ২০১২ চনত অন্বেষণকাৰী সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে উচ্চ উচ্চতাৰ ৰোগত আক্ৰান্ত হৈ প্ৰাণ বিসৰ্জন দিছিল।

Post a Comment

Previous Post Next Post