আজি বলিউডৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ জন্মদিন


 

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ আজি জন্মদিন। ৮০ৰ দশকত বলীউডৰ ছবিজগতত দপদপনি সৃষ্টি কৰা ৰেখাৰ জনপ্ৰিয়তা আজিও পূৰ্বৰ দৰেই বিদ্যমান। চিলভাৰ স্ক্ৰীণত বিভিন্ন চৰিত্ৰৰে মানুহৰ মন জয় কৰা অভিনেত্ৰী ৰেখাই এতিয়াও নিজকে সুন্দৰ কৰি ৰাখিছে।

ৰেখাৰ সম্পূৰ্ণ নাম ভানুৰেখা গণেশন যদিও চলচ্চিত্ৰ জগতত তেওঁ ৰেখা নামেৰে জনাজাত। তেওঁৰ জন্ম ১৯৫৪ চনৰ ১০ অক্টোবৰ তাৰিখে তামিলনাডুৰ চেন্নাইত হৈছিল।ৰেখাৰ দেউতাক জেমিনি গণেশন এগৰাকী তামিল অভিনেতা আৰু মাতৃ পুষ্পৱল্লী এগৰাকী তেলেগু অভিনেত্ৰী আছিল। সেইকাৰণেই ৰেখাই সৰুৰে পৰা চিনেমা জগতখনৰ প্ৰতি আকৰ্ষিত হৈছিল। ৰেখাই মাত্ৰ ১৫ বছৰ বয়সতে ছবিজগতত কাম কৰা আৰম্ভ কৰিছিল।ৰেখাৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক'বলৈ গ'লে, তেওঁ যথেষ্ট ৰহস্যময়ী। কোৱা হয় যে তেওঁ চিনেমাৰ সংগী অভিনেতা বিনোদ মেহৰাৰ সৈতে প্ৰেমত পৰিছিল। দুয়োৰে বিয়াও হৈছিল কিন্তু বিনোদৰ মাতৃয়ে তেওঁলোকৰ সম্পৰ্কটোক অনুমোদন দিয়া নাছিল।

বিগ বি অমিতাভ বচ্চনৰ নাম নিশ্চিতভাৱে ৰেখাৰ সৈতে জড়িত হৈ আহিছে। দুয়োৰে প্ৰেমৰ কাহিনীবোৰে এতিয়াও শিৰোনাম দখল কৰে। জয়া ভাদুৰীয়ে অমিতাভ আৰু ৰেখাৰ মাজত প্ৰৱেশ কৰিছিল আৰু বিবাহ পাশত আৱদ্ধ হৈছিল বুলিও কথাষাৰ চৰ্চিত। ইয়াৰ আঁৰত বহুতো কাৰণ অন্তৰ্নিহিত আছে।১৯৮০ চনত, ৰেখাই ঋষি কাপুৰ আৰু নীতু সিঙৰ অভ্যৰ্থনা অনুষ্ঠানত বগা শাৰী, বিন্দি আৰু সেন্দুৰ লগাই উপস্থিত হৈছিল। সেই অনুষ্ঠানত অমিতাভ আৰু জয়া বচ্চনো উপস্থিত আছিল। ৰেখাই পোনপটীয়াকৈ অমিতাভৰ ওচৰলৈ গৈ অলপ সময় কথা পাতি অনুষ্ঠানটোৰ পৰা গুচি গৈছিল। সেই দেখি জয়া তাত কান্দিবলৈ আহিল। আজিও অমিতাভ আৰু জয়াৰ মাজত কি ঘটিছিল সেয়া কোনেও নাজানে, ই যেন এক ৰহস্য।

Post a Comment

Previous Post Next Post