১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। ৰাষ্ট্ৰপতিগৰাকীৰ অসম আগমনক লৈ ১৩ আৰু ১৪ অক্টোবৰত মহানগৰ যানবাহন আৰক্ষীয়ে সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা দিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত কেইবাটাও বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব বাবে যান–বাহনৰ চলাচলৰ ক্ষেত্ৰত এনে নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা অনুসৰি ১৩ অক্টোবৰত ছয়চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনসমূহৰ চলাচল ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ থাকিব ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ। একেদৰে ১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব একেই বাহনৰ চলাচল।
আনহাতে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।