নাজিৰাৰ মেকিপুৰত মুণ্ডহীন মৃতদেহ উদ্ধাৰ


 

শিৱসাগৰ জিলাৰ  নাজিৰাৰ মেকিপুৰত আজি উদ্ধাৰ হৈছে এটা মুণ্ডহীন মৃতদেহ৷ মেকিপুৰ চাহ বাগিচাৰ পাতঘৰ চাৰিআলি সমীপৰ কাছ পথাৰৰ পানী যুৱলিত  উদ্ধাৰ হৈছে মৃতদেহটো।


এটা বগা বস্তাত বান্ধি থোৱা অৱস্থাত বাগিচাখনৰ নলাত ওপঙি থকা অৱস্থাত আজি স্থানীয় লোকে ভৰিকেইটা ওলাই থকা দেখি তাত মৃতদেহ সোমাই থকাৰ সন্দেহ কৰি স্থানীয় নাজিৰা আদৰ্শ আৰক্ষী থানাত খবৰ দিয়ে৷
ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ মৃতদেহ সোমাই থকা বস্তাটো পানীৰ পৰা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে নলাত পৰি থকা মৃতদেহ সোমাই থকা বস্তাটো ৷ বস্তাটোৰ পৰা মুণ্ডহীন আৰু এখন হাতবিহীন উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে  মৃতদেহটো৷

মেকিপুৰৰ অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্য। ক'ৰপৰা আহিল এই মুণ্ডহীন, হাত নোহোৱা অচিনাক্ত মৃতদেহ। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

মুণ্ডহীন, হাত নোহোৱা এই মৃতদেহটো কোনো অচিনাক্ত ব্যক্তিয়ে হত্যা কৰি  বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। এই অচিনাক্ত মৃতদেহৰ ক্ষেত্ৰত প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে।

Post a Comment

Previous Post Next Post