BCCIৰ যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন দাখিল অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ



 ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড (BCCI)ৰ যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। ১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া BCCIৰ নিৰ্বাচনত সভাপতি পদকে ধৰি বহুকেইটা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।


মনোনয়ন দাখিলৰ আজি আছিল শেষ দিন। প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াই যুটীয়া সম্পাদক পদত অন্তৰ্ভুক্ত হ'লে ৰাজ্যৰ ক্ৰিকেট জগতৰ বাবে নিশ্চিত ৰূপত আশাৰ বতৰা কঢ়িয়াব।
উল্লেখ্য, BCCIৰ নিৰ্বাচনত সভাপতি পদৰ বাবে ৰ'জাৰ বিন্নী, উপ–সভাপতি পদৰ বাবে ৰাজীৱ শুক্লা, যুটীয়া সম্পাদক পদৰ বাবে দেৱজিৎ শইকীয়া আৰু ৰোহন জেটলী, কোষাধক্ষ্য পদৰ বাবে আশিস শ্বেলাৰ আৰু আই পি এলৰ অধ্যক্ষ পদৰ বাবে অৰুণ ধুমালে মনোনয়ন দাখিল কৰিছে।গুৰুত্বপূৰ্ণ যে আগন্তুক ১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ লগে লগে অন্ত পৰিব সৌৰভ গাংগুলীৰ সভাপতিত্বৰ দায়িত্বও।

Post a Comment

Previous Post Next Post