পাকিস্তানৰ পৰা যোৱা ৯ মাহত ১৯১ খন ড্ৰ’ন ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰে কেৱল ৭খন গুলীয়াই ভূপতিত কৰা হৈছে যদিও বাকীকেইখন পুনৰ পাকিস্তানলৈ গমন কৰিছে। ড্ৰ’নৰ অবৈধ প্ৰৱেশৰ এই ঘটনাবোৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।
পাকিস্তানৰ ফালৰ পৰা এনে অবৈধ প্ৰচেষ্টা বন্ধ কৰাৰ স্বাৰ্থত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰত-পাকিস্তান সীমান্তত মোতায়েন কৰা নিৰাপত্তা বাহিনীৰ মতে, ১৯১ খন ড্ৰ’নৰ ভিতৰত ১৭১খন ভাৰত-পাকিস্তান সীমান্তৰে পঞ্জাৱ খণ্ডৰ কাষেৰে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে ২০খন জম্মু খণ্ডত দেখা গৈছে। সংবাদ সংস্থা এএনআয়ে লাভ কৰা এখন নথিত এই কথা উল্লেখ কৰা হৈছে।
নথি অনুসৰি, ‘পঞ্জাৱ আৰু জম্মু সীমান্তত ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ভাৰত-পাক সীমান্তত ইউ এ ভি (মানুহবিহীন বিমান) প্ৰত্যক্ষ কৰা গৈছিল।’
শেহতীয়াকৈ শ্ৰীনগৰত এখন নিৰাপত্তা পৰ্যালোচনা বৈঠকত শীৰ্ষ নিৰাপত্তা আৰু চোৰাংচোৱা মুৰব্বীসকলৰ উপস্থিতিত সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নৰ কাৰ্যকলাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টিগোচৰ কৰা হয়। নিৰাপত্তা সংস্থা, বি এছ এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিষয়াসকলৰ পৰা পোৱা চোৰাংচোৱা তথ্য অনুসৰি কাশ্মীৰ উপত্যকা আৰু পঞ্জাৱত সন্ত্ৰাসবাদীসকলৰ বাবে বিত্তীয় সাহায্যৰ বাবে আফগান হেৰ’ইন পেকেট পেলোৱাৰ বাবেও ড্ৰ’ন ব্যৱহাৰ কৰা হয়।
জানিব পৰা মতে, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু মাদক দ্ৰব্য পৰিবহণৰ আঁৰত আছে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠন। ড্ৰ’নৰ এনে কাৰ্যকলাপ বন্ধ কৰাৰ বাবে সমাধান উলিয়াবলৈ গৃহ মন্ত্ৰালয়ে সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিছে।