'যৌনতাৰ বিনিময়ত চাকৰি' জালিয়াতিৰে পুনৰ বিপদত আন্দামানৰ প্ৰাক্তন মুখ্য সচিব


 

আন্দামান আৰু নিকোবৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিলম্বিত প্ৰাক্তন মুখ্য সচিব জিতেন্দ্ৰ নাৰায়ণৰ বাবে অধিক সংকটৰ সৃষ্টি হৈছে। কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বাবে বিশাকা গাইডলাইনৰ অধীনত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আন এগৰাকী মহিলাই।


২১ বছৰীয়া এগৰাকী মহিলাই নাৰায়ণ আৰু শ্ৰম আয়ুক্ত আৰ এল ঋষিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে নাৰায়ণৰ নামে শিৰোনাম দখল কৰে। অধিক তদন্তত দেখা গ’ল যে তেওঁৰ বছৰজোৰা কাৰ্যকালত ২০ গৰাকীতকৈ অধিক মহিলাক নাৰায়ণৰ প’ৰ্ট ব্লেয়াৰৰ বাসগৃহলৈ লৈ যোৱা বুলি অভিযোগ উঠিছে, ইয়াৰে কিছুমানে যৌন শোষণৰ পৰিৱৰ্তে চাকৰি লাভ কৰিছিল, যিয়ে ‘জব-ফৰ-চেক্স’ ৰেকেটৰ ইংগিত দিয়ে।

শেহতীয়া পৰিঘটনা নিশ্চিত কৰি আন্দামান প্ৰশাসনে নিউজ১৮ক কয়- ‘জিতেন্দ্ৰ নাৰায়ণৰ বিৰুদ্ধে অভিযোগ লাভ কৰি বিশাকা সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযোগখনত এতিয়ালৈকে কোনো অপৰাধমূলকতা নাই আৰু অধিক কাৰ্যপন্থাৰ বাবে সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

আন্দামান প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াই কয় যে, “কিছুদিন পূৰ্বে এজাহাৰ লাভ কৰিছিল যাৰ পিছত তেওঁৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল।(এই ক্ষেত্ৰত) মহিলা অভিযোগকাৰীৰ শুনানি গ্ৰহণ কৰা হৈছে আৰু তেওঁৰ অভিযোগ প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে সমিতিলৈ প্ৰেৰণ কৰা হৈছে।”

Post a Comment

Previous Post Next Post