ভিছা আইন ভংগ কৰাৰ বাবে জৰিমনা ৭ জাৰ্মান পৰ্যটকক। এই সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কয় যে পৰ্যটকৰ ভিছা লৈ ভাৰতলৈ অহা ৭ গৰাকী পৰ্যটকে কাজিৰঙাত বাহৰ পাতি ধৰ্মপ্ৰচাৰত লিপ্ত হৈছিল। আৰক্ষীৰ তদন্তত এই কথা স্পষ্ট হোৱাৰ পিছত আৰক্ষীয়ে জেৰা চলাই পৰ্যটককেইগৰাকীক।
উল্লেখ্যে যে যোৱা ২৫ অক্টোবৰৰ পৰা কাজিৰঙাৰ এখন ব্যক্তিগত ৰিজ’ৰ্টত বাহৰ পাতি আছিল ৭ গৰাকী জাৰ্মান পৰ্যটক। অভিযোগ মতে, ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকক সহযোগ কৰিছে টেৰণ উপাধিৰ এজন স্থানীয় লোকে। শুকুৰবাৰে দিনযোৰা জেৰাৰ পিছত ভিছা আইন উলংঘা কৰাৰ অভিযোগত পৰ্যটককেইগৰাকীক ৫০০ ডলাৰকৈ জৰিমনা বিহে আৰক্ষীয়ে।
ইতিমধ্যে বৈদেশিক মন্ত্ৰণালয়ৰ সহযোগত নিজ দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় পৰ্যটককেইজনক। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ মতে, যোৱা এটা মাহত ভিছা আইন উলংঘা কৰি ধৰ্মপ্ৰচাৰত লিপ্ত হোৱা ২৭জন বিদেশী লোকক আটক কৰে আৰক্ষীয়ে। ইয়াৰ ভিতৰত বিশ্বনাথত ১৭জন বাংলাদেশী, নামৰূপত ৩জন ছুইডিছ, কাজিৰঙাত ৭জন জাৰ্মান নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
