২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যি ৰাজনীতি কৰিছিল AIUDFক লৈ, সেই একে ৰাজনীতি হ'ব ২০২৪ৰ নিৰ্বাচনতো ৷ এইবাৰ মাথো কংগ্ৰেছে নহয় বিজেপিয়ে কৰিব সেই ৰাজনীতি ৷ ধুবুৰীৰ স্বাৰ্থতে বদৰুদ্দিন আজমলে সহায় কৰিব নেকি বিজেপিক? এতিয়া চৰ্চিত হৈছে এনেবোৰ কথাই ৷
মানুহ একেজনেই, বদৰুদ্দিন আজমল ৷ কেতিয়াবা কংগ্ৰেছৰ, কেতিয়াবা বিজেপিৰ হৈ পৰে এই বদৰুদ্দিন আজমল ৷ হ'বই, অসমৰ ৰাজনীতিৰ ফেক্টৰ এতিয়া আজমল আৰু এ আই ইউ ডি এফ ৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে AIUDFৰে বুজাবুজি কৰি অংকৰ ফলাফল পাইছিল যোগৰ ঘৰত ৷ জিকি জিকিও AIUDF নথকাৰ বাবে নগাঁও, কলিয়াবৰত পৰাজিত হৈছিল বিজেপি মিত্ৰজোঁট ৷ AIUDF নথকাৰ বাবে কলিয়াবৰ, নগাঁৱত সহজ হৈছিল কংগ্ৰেছৰ জয় ৷ পিছে এইবাৰ বিজেপিৰ অংক একপ্ৰকাৰ বদৰুদ্দিন আজমলৰ AIUDFক লৈ ৷ AIUDFএ নগাঁও, কলিয়াবৰ, বৰপেটা, মঙলদৈত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা মানেই বিজেপিৰ লাভ ৷ সংখ্যালঘুৰ ভোট বিভাজন হোৱা মানেই লোকচানৰ সন্মুখীন হ'ব কংগ্ৰেছ ৷ সেয়ে বিজেপিয়ে ধুবুৰীক মাইনাছ কৰি সকলো ৰণনীতি প্ৰস্তুত কৰিছে লোকসভাৰ ৷
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিজেপিয়ে শক্তিশালী প্ৰাৰ্থী নিদিয়ে ৷ সমষ্টিটো অসম গণ পৰিষদক এৰি দি সাপো মৰক লাঠিও নাভাঙক নীতিৰে বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰিব ৷ পিছে বিজেপি এ আই ইউ ডি এফৰ গোপন এজেণ্ডাক প্ৰতিহত কৰিবলৈ বদ্ধ পৰিকৰ কংগ্ৰেছ ৷ ধুবুৰীৰ পৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে থিয় দিবলৈ মন মেলিছে ধুবুৰীৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৷ ৱাজেদ আলী চৌধুৰীৰ মতে বিজেপি AIUDFৰ মাজত ২০২৪ত গোপন বুজাবুজি থকাতো একপ্ৰকাৰ নিশ্চিত ৷ কিন্তু এই বুজাবুজিৰ কথা ৰাইজে জানিলেই বিজেপিৰ ক্ষতি হ'ব বুলি ক'লে ৱাজেদে ৷ ৱাজেদৰ দাবী ধুবুৰীত এইবাৰ ৰণত পৰিব বদৰুদ্দিন আজমল ৷ কংগ্ৰেছে এইবাৰ সেয়ে বদৰুদ্দিন আজমলক এসেকা দিবলৈ ভাৰত জ'ৰ' যাত্ৰাও ধুবুৰীৰ পৰাই আৰম্ভ কৰিব ৷ কিন্তু তিনিবাৰকৈ একেৰাহে সমষ্টিটোৰ পৰা সাংসদ হোৱা বদৰুদ্দিন আজমলক সমষ্টিটোত পৰাজিত কৰা সম্ভৱ হ'বনে কংগ্ৰেছৰ পক্ষে? সেয়া সময়েহে ক'ব ৷
