দীৰ্ঘ সময়ৰ পিছত শুকুৰবাৰে একেলগে দেখা গল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনক। অসমৰ চলচ্চিত্ৰ জগতৰ পিতামহ নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য্য সম্পন্ন কৰাৰ সময়ত মহানগৰীৰ নৱগ্ৰহ শ্মশানত একেলগে দেখা গ'ল বহু শিল্পী তথা সাংস্কৃতিক কৰ্মীক। দৰাচলতে নিপন গোস্বামীক ৰাজ্যিক মৰ্য্যদাৰে সৎকাৰ কৰাৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নৱগ্ৰহত দেখা গৈছিল। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দুগৰাকী মন্ত্ৰী ক্ৰমে বিমল বৰা আৰু অশোক সিংহালৰ লগতে বিধায়ক দিগন্ত কলিতা শিল্পী প্ৰাঞ্জল শইকীয়া, দিনেশ দাস, দ্বিপেন বৰুৱা, অতুল পাতনি, হিৰন্য দাস, বিদ্যা সাগৰ, যতীন বৰা, মানস ৰবীন, কপিল বৰা, মহাদেৱ ডেকা আৰু বহু শিল্পী তথা দল সংগঠনক , সাংবাদিক অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল। অন্ত্যেষ্টিক্ৰিয়াৰ মাজতে আহি উপস্থিত হোৱা জুবিন গাৰ্গেও সতীৰ্থ শিল্পী মানস ৰবীন আৰু যতীন বৰাৰ সৈতে শ্মশানতে বহু সময় কটাই আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
Tags:
National
