গুৱাহাটীৰ অতি জনপ্ৰিয় ৰেস্তোঁৰা ‘মাজুলীৰ এসাঁজ’ৰ স্বত্বাধিকাৰী তথা সাংস্কৃতিক কৰ্মী ৰাজীৱ বৰা আৰু নাই। আজি পুৱা ৪.১৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে বৰাই। পশ্চিম বংগৰ এখন হাস্পতালত মৃত্যু হয় ৰাজীৱ বৰাৰ। ৰাজীৱ বৰা এজন ৰন্ধন বিশেষজ্ঞ, সাংস্কৃতিক কৰ্মী আৰু সফল ব্যৱসায়ী আছিল। তেওঁৰ ‘মাজুলীৰ এসাঁজ’ ৰেস্তোঁৰাখন প্ৰতিজন গুৱাহাটীবাসীৰ বাবে এক চিনাকি নাম। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।