সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান। বিগত কিছুদিন ধৰি গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত চিকিৎসাধীন হৈ আছিল মুলায়েম সিং যাদৱ। হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰিলে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকীয়ে।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত আজি পুৱা ৮.১৬ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে মুলায়েম সিং যাদৱে। সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে মৃত্যুৰ খবৰ নিশ্চিত কৰি কয়, মোৰ শ্ৰদ্ধাৰ পিতৃ আৰু সকলোৰে নেতা মুলায়েম সিং যাদৱ আৰু নাই। মুলায়েম সিং যাদৱক ২২ আগষ্টত শ্বাস–প্ৰশ্বাসত কষ্ট হোৱাৰ পিছত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্যৰ উন্নতি নোহোৱাত ১ অক্টোবৰত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল।
মুলায়েম সিং যাদৱৰ জন্ম ১৯৩৯ চনৰ ২২ নৱেম্বৰত ইটাৱা জিলাৰ ছেফই গাঁৱত এক কৃষক পৰিয়ালত হৈছিল। পিতৃৰ নাম সুঘৰ সিং আৰু মাতৃৰ নাম আছিল মূৰ্তি দেৱী। তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল তেওঁ। ৰাজনীতিলৈ অহাৰ পূৰ্বে মুলায়েম সিং যাদৱে আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু বিটি কৰাৰ পিছত উপৰান্ত ইণ্টাৰ কলেজত প্ৰবক্তা হিচাপে নিযুক্তি হৈছিল। সক্ৰিয় ৰাজনীতিলৈ অহাৰ পিছত চাকৰিৰ পৰা পদত্যাগ কৰিছিল।
তেওঁ ১৯৮২ৰ পৰা ১৯৮৫ চনলৈ বিধান পৰিষদৰ সদস্য আছিল। লোহিয়া আন্দোলনত অংশগ্ৰহণ কৰা মুলায়েম সিং যাদৱে চাৰি অক্টোবৰ ১৯৯২ চনত সমাজবাদী পাৰ্টীৰ জন্ম দিছিল। সক্ৰিয় ৰাজনীতিত থকা অৱস্থাত তেওঁ প্ৰতিপক্ষক ওফৰোৱাত অতি সিদ্ধহস্ত আছিল। উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্য এখনত তিনিবাৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল তেওঁ। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বও চম্ভালিছিল মুলায়েম সিং যাদৱে। ৮বাৰকৈ উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য আছিল যাদৱ।