উত্তৰ প্ৰদেশৰ ভদোহিৰ আওৰাই কোতোৱালীৰ পৰা কিছু দূৰত অৱস্থিত এক দুৰ্গা পূজা পেণ্ডেলত দেওবাৰে নিশা আৰতিৰ সময়ত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত ৫জন লোকে প্ৰাণ হেৰুৱায়। লগতে ৬৪জন লোক আহত হয় এই ঘটনাত। আহতসকলৰ ভিতৰত মহিলা আৰু শিশুৰ সংখ্যা অধিক। তেওঁলোকক চিএইচচি আৰু বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সেই হাস্পতালৰ পৰা ৩৭জনক বাৰাণসীলৈ স্থানান্তৰ কৰা হয়। ২০জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীও। শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে এঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
আওৰাই–ভদোহি পথত অৱস্থিত পেণ্ডেলটো সুন্দৰকৈ সজোৱা হৈছিল। দেওবাৰে সন্ধিয়া ডেৰশৰো অধিক মানুহ আৰতি চাবলৈ আহিছিল। পেণ্ডেলত ডিজিটেল শ্ব’ চলিছিল। পেণ্ডেলত নিৰ্মাণ কৰা গুহাত জুই লগাৰ ফলত চাৰিওফালে বিয়পি পৰে।
জুই লগাৰ লগে লগে স্থানীয় লোকসকল দৌৰি আহে। আহতসকলক হাস্পতাললৈ লৈ যোৱাৰ বাবে ৫২খন এম্বুলেঞ্চ উপস্থিত হয়। এই দুৰ্ঘটনাৰ তদন্তৰ বাবে চাৰি সদস্যৰ এক এছআইটি গঠন কৰা হৈছে। ঘটনাৰ কাৰণ আৰু গাফিলতিৰ অভিযোগ চালিজাৰি চোৱা হ’ব। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags:
National