বিজয়া দশমীৰ দিনা ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চাৰি বছৰৰ মূৰত গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰামলীলাত ৰাৱণ দাহ কৰি দশেৰা পালন কৰা হয়। ১৫০ ফুট ওখ মেগা এল ই ডি স্ক্ৰীনত ৰাৱণ দাহন কাৰ্য উপভোগ কৰে সমৱেত জনতাই।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ উপৰি দিনজান সত্ৰৰ সত্ৰাধিকাৰ মকুন্দ চন্দ্ৰ গোস্বামী, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ভুৱনেশ্বৰ কলিতাও উপস্থিত আছিল।
উল্লেখ্য, প্ৰায় দুমাহ ধৰি নেহেৰু ষ্টেডিয়ামত চলিছে ৰাৱণৰ ১১১ ফুট উচ্চতাৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণৰ কাম চলিছিল। ৰাৱণৰ লগতে নিৰ্মাণ কৰা হৈছিল ৬০ ফুট উচ্চতাৰ কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি। ২ অক্টোবৰত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হয় ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি।
