শিশুশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ ৰাইজৰ অভিযোগ– হাস্পতালত নাপালে উপযুক্ত চিকিৎসা


 

মাজুলীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে মাজুলীবাসী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নি তাত  চিকিৎসা কৰা হৈছিল।


শিল্পী গৰাকী হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। ইফালে, মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত  প্ৰায় এক ডেৰ ঘন্টা চিকিৎসালয়ত থকাৰ পিছতো অজ্ঞান হৈ থকা তেজস্বিতাক অক্সিজেনৰ যোগান বা আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে চিকিৎসালয়খনে। এই বিষয়ে সঠিক তদন্ত হোৱাটো বিচাৰে ৰাইজে।

দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা আৰু নিলাক্ষী বৰুৱাৰ একমাত্ৰ কন্যা মাত্ৰ তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজস্বিতাই ঘৰতে সংগীত ষ্টুডিঅ নিৰ্মাণ কৰি সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰিছিল। তেজস্বিতাৰ সহায় হোৱাকৈ তেওঁৰ পিতৃয়ে মাত্ৰ চাৰি দিনৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিবলৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল।

শিশুশিল্পী, মেধা সম্পন্ন  ছাত্ৰী তেজস্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Post a Comment

Previous Post Next Post