উত্তৰ গুৱাহাটী কাটিং পাহাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই প্ৰবঞ্চকক। প্ৰাপ্ত তথ্য অনুসৰি, জিএনআৰচিৰ সমীপৰ মা কামাখ্যা ল'জত বাহৰ পাতি থকা ব্যক্তিকেইজনে নকল সোনৰ নাও আৰু যীশু খ্ৰীষ্টৰ মুৰ্তিৰ বেহা চলাইছিল ।
কামৰূপ আৰক্ষীৰ এক গোপন তথ্যৰ আধাৰত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে AS 07U 5525 নম্বৰৰ এটা বাহনসহ আবু হানিফা (২৬) আৰু বাহাৰুদ্দিন (২৩) নামৰ দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে ।উল্লেখযোগ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই প্ৰবঞ্চকৰ পৰা নকল সোনৰ নাও, যীশু খ্ৰীষ্টৰ মুৰ্তিসহ নগদ এক লাখ পাঁচ হাজাৰ টকা জব্দ কৰে ।
জানিব পৰা মতে, আটকাধীন প্ৰবঞ্চকদ্বয়ৰ ঘৰ লক্ষীমপুৰ বিহপুৰীয়াৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত। কুঁৱা খান্দোতে সোনৰ নাও পোৱাৰ চলনাৰে দৈনিক শ শ মানুহক লুটি আহিছে প্ৰবঞ্চক চক্ৰটোৱে । ধৃত প্ৰবঞ্চকৰ স্বীকাৰোক্তিত কুখ্যাত সোনৰ নাও প্ৰলোভন চক্ৰান্তৰ মাষ্টাৰ মাইণ্ড আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্ত অব্যাৱত ৰাখিছে।
