আজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ


 

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব প্ৰখ্যাত অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য। কালি নিশাটো জ্যোতি চিত্ৰবনত ৰক্ষা হয় অভিনেতাগৰাকীৰ নশ্বৰ দেহ। আজি পুৱা ৯ বজাত জ্যোতি চিত্ৰবনৰ পৰা নশ্বৰ দেহ নিয়া হ’৸ব কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত অভিনেতাজনক গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।


তাৰ পিছতে কলাক্ষেত্ৰৰ পৰা নিশ্বৰ দেহ লৈ যোৱা হ’ব দীঘলীপুখুৰী পাৰলৈ। দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধসকলে। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব মহীৰূহগৰাকীৰ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নিপন গোস্বামীয়ে। পুৱা ৯.১৫ বজাত এই সংসাৰৰ পৰা বিদায় মাগিছিল গোস্বামীয়ে। নিপন গোস্বামীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।

Post a Comment

Previous Post Next Post