ধাবালৈ নি সুৰাপান কৰোৱাই তিনি নাবালিকাক বলাৎকাৰ, জালত তিনি অভিযুক্ত



 গোৱালপাৰা জিলাৰ দুধনৈত জঘন্য ঘটনা। তিনি নাবালিকাক উপৰ্যুপৰি ধৰ্ষণ কৰিলে তিনিটা পাষণ্ডই। এতিয়া ৰঙা ঘৰৰ আলহী আটাইকেইটা অভিযুক্ত৷ ২২ অক্টোবৰত সংঘটিত হৈছিল এই ঘৃণনীয় ঘটনা।


দুধনৈৰ অসম-মেঘালয় সীমান্তৰ এটা অঞ্চলৰ দুখন গাঁৱৰ তিনি নাবালিকাক ফুচুলাই নি তিনি যুৱকে দুখন বাইকত সন্ধিয়া দুধনৈলৈ লৈ আহে৷ তাৰ পিছতে ধাবাত খানা খুওৱাৰ চলেৰে সুৰাপান কৰায় তিনি নাবালিকাক। তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰত নি তিনি পাষণ্ডই তিনি নাবালিকাক উপৰ্যুপৰি ধৰ্ষণ কৰে৷ তাৰ পিছত ২৩ অক্টোবৰৰ পুৱা তিনিওগৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায় ধৰ্ষণকাৰীকেইটাই৷
অৱশেষত তিনিওগৰাকী নাবালিকাই নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয়। তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিটাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

তিনিওকে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে পুংখানুপুংখভাৱে আৰক্ষীয়ে তদন্ত কৰে৷ দুধনৈ থানাৰ SI অনিল কলিতাৰ নেতৃত্বত এই অভিযান চলিছিল৷ ভুক্তভোগী তিনি নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে৷

আনহাতে, এই পাশৱিক কাণ্ডৰ কথা দুধনৈত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে লজ্জানতও হৈ পৰিছে৷ সকলোৱে বিচাৰিছে নাবালিকাক বলাৎকাৰ কৰা নৰপিশাচ তিনিটাক আইনে উচিত শাস্তি প্ৰদান কৰক যাতে আগলৈ আৰু এনে কাৰ্য কৰাটো দূৰৰ কথা কোনো নিকৃষ্ট মানসিকতাৰ মানুহে যাতে ভাবিবলৈও সাহস নকৰে৷

Post a Comment

Previous Post Next Post