সুদৰ্শন থিয়েটাৰৰ দৰ্শনীত অবাঞ্ছিত পৰিস্থিতি। গেলাৰীৰ একাংশ দৰ্শকৰ অশালীন মন্তব্যৰ পিছত আধাতে বন্ধ হ'ল নাট্য দৰ্শনী । এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নামতিত।
শিৱসাগৰ জিলাৰ নামতিত চলি আছিল সুদৰ্শন থিয়েটাৰ। বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক মৃদুল চুতীয়াই অসন্তুষ্টি প্ৰকাশ কৰি আধাতে বন্ধ কৰি দিয়ে নাটক।
মঞ্চৰ পৰাই নাট্যকাৰ, অভিনেতাজনে খঙতে দৰ্শকক উদ্দেশ্যি মন্তব্য কৰাও দেখা যায়।একাংশ উদণ্ড যুৱকৰ অশালীন মন্তব্যৰ বাবেই অসন্তুষ্টি প্ৰকাশ কৰে মৃদুল চুতীয়াই।
অৱশ্যে পিছত আয়োজক সমিতিৰ ক্ষমা–প্ৰাৰ্থনাৰ পিছতেই পুনৰ মঞ্চত উঠে মৃদুল চুতীয়া। এই ঘটনাই কিছু সময়ৰ বাবে পৰিৱেশ গৰম কৰি তোলা পৰিলক্ষিত হয়।
অৱশ্যে পিছত আয়োজক সমিতিৰ ক্ষমা–প্ৰাৰ্থনাৰ পিছতেই পুনৰ মঞ্চত উঠে মৃদুল চুতীয়া। এই ঘটনাই কিছু সময়ৰ বাবে পৰিৱেশ গৰম কৰি তোলা পৰিলক্ষিত হয়।
Tags:
National
