তেজপুৰত নিশা অবৈধ মাৰণাস্ত্ৰসহ ধৃত দুই যুৱক৷ ডকাইতিৰ পৰিকল্পনাৰে তেল ডিপোলৈ অহাৰ সন্দেহ যুৱক দুজনে৷ গোপন খবৰৰ ভিত্তিত দুই যুৱকক আটক কৰে আৰক্ষীয়ে৷
তেজপুৰ বাটামাৰীস্থিত ৩৭ (ক)নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত তথা তেজপুৰ কনভেনচন চেণ্টাৰৰ প্ৰায় সন্মুখভাগৰ ৰয় এণ্ড ৰায় নামৰ তেল ডিপোতে নিশা বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সাধাৰণ পোছাকত তেল ডিপোটোত বহু সময় ধৰি খাপ পিটি অৱশেষত এই দুই যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ধৃত যুৱকদ্বয় আশ্ৰাফুল হুছেইন আৰু চাহজাহান আলী৷ দুয়োৰে ঘৰ পাঁচমাইলত৷ দুয়োৰে পৰা চাৰিটা সজীৱ গুলীসহ এটা 7.65 পিষ্টল উদ্ধাৰ কৰিছে৷
এই সন্দৰ্ভত আগতীয়া খবৰ আছিল শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ৷ সেই আগতীয়া খবৰৰ ভিত্তিতে আৰক্ষী অধীক্ষকৰ নিৰ্দেশত সাধাৰণ পোছাকত ৰৈ আছিল বৰঘাট আৰক্ষী চকীৰ দল৷ প্ৰথমে এজন সদস্যই নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেল লৈ তেল ডিপোটোত উপস্থিত হয় আৰু এশ টকাৰ পেট্ৰ’ল ভৰাই ওলাই যায়৷ ক্ষন্তেক সময়ৰ পিছত একেখন মটৰ চাইকেল লৈ দুজন যুৱক আহে আৰু সেই মুহূৰ্ততে আৰক্ষীৰ দলে ৰ’বলৈ নিৰ্দেশ দিয়াত পলায়নৰ চেষ্টা চলায় আৰু আৰক্ষীয়ে নৰ’লে গুলীওৱাৰ কথা কোৱাত যুৱকদ্বয় ৰৈ দিয়ে আৰু তেতিয়াই আটক কৰে আৰক্ষীয়ে৷
Tags:
National