গঁড় চিকাৰ কৰাৰ পৰিকল্পনা, জখলাবন্ধাত আৰক্ষীৰ জালত তিনি চোৰাং চিকাৰী


 

জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰসহ আটক কৰে তিনি চোৰাং চিকাৰীক। নিশা কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ ২০নং লাইনৰ পৰা আটক তিনি চোৰাংচিকাৰীক। এটা হাতেসজা বন্দুক আৰু চোকা অস্ত্ৰ, অন্যান্য সামগ্ৰীৰ সৈতে তিনি চোৰাং চিকাৰীক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে।


ধৃত তিনি চোৰাং চিকাৰী ক্ৰমে পৱন দাস, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডল। ধৃত পৱন দাসৰ ঘৰ জখলাবন্ধা আৰক্ষী থানা এলেকাৰ বামুণী পথাৰত। আনহাতে, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডলৰ ঘৰ কলিয়াবৰৰ নলতলীত।

আৰক্ষীৰ ভাষ্য অনুসৰি, গঁড় হত্যাৰ পৰিকল্পনাৰে ধৃত তিনি চোৰাংচিকাৰীয়ে বাহৰ পাতিছিল শাকমুঠী চাহ বাগিচা অঞ্চলত। ধৃত তিনি অস্ত্ৰধাৰী চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰৰ যোগান ধৰা শাকমুঠী চাহ বাগিচাৰ মোহন তাঁতী নামৰ এজনকো আটক কৰে জখলাবন্ধা আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post