ভয়ংকৰ বিপদৰ সংকেত। এইবাৰ কালী পূজা, ষট পূজাৰ মাজতে প্ৰলয় বাৰ্তাৰ পূৰ্বাভাস দিছে বতৰ বিজ্ঞান বিভাগে। চলতি মাহৰ মাজভাগত সাগৰত এক লঘুচাপ সৃষ্টি হ’ব পাৰে, যিটো পৰৱৰ্তী সময়ত ঘূৰ্ণীবতাহৰ ৰূপ লৈ ছুপাৰ ছাইক্ল’নৰ শক্তি অৰ্জন কৰিব পাৰে। ইয়াৰ ফলত উপকূলীয় অঞ্চল তচনচ কৰাৰ আশংকা আছে বুলি জনাইছে বতৰ বিজ্ঞানীসকলে।
বতৰ বিজ্ঞানীসকলে জনাইছে, আগন্তুক সপ্তাহৰ শেষৰ ফালে বংগোপ সাগৰত এক শক্তিশালী ঘূৰ্ণী বতাহৰ সৃষ্টি হ’ব পাৰে। ই ভাৰতৰ অন্ধ্ৰ প্ৰদেশ বা ভাৰত–বাংলাদেশৰ উপকূলৰ কোনো এক স্থানেৰে স্থলভাগ পাৰ হোৱাৰ আশংকা আছে।
বতৰ বিজ্ঞান বিভাগে জনাইছে, অক্টোবৰত বংগোপ সাগৰত একৰ পৰা দুটা লঘুচাপ সৃষ্টি হ’ব পাৰে, যাৰ ভিতৰত এক ঘূৰ্ণী বতাহৰ ৰূপ ল’ব পাৰে।
কিন্তু এই ঘূৰ্ণী বতাহ কেতিয়া সৃষ্টি হ’ব, কিমান শক্তিশালী হ’ব, সেয়া এতিয়াই কোৱা সম্ভৱ নহয়। কাৰণ এটা প্ৰক্ৰিয়াৰ কেইবাটাও স্তৰ পাৰ হৈ তাৰপিছত ঘূৰ্ণী বতাহ সৃষ্টি হয়। ইমান আগতীয়াকৈ বিস্তাৰিতভাৱে জনোৱা সম্ভৱ নহয়।
সূত্ৰ অনুসৰি, এই সম্ভাৱ্য ঘূৰ্ণী বতাহ নিম্নচাপত পৰিণত হ’ব ১৭ অক্টোবৰত, যিটো ১৮ অক্টোবৰৰ ভিতৰত ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে পূৰ্বাভাস মডেলে। সম্ভাৱ্য এই ঘূৰ্ণী বতাহৰ নাম হ’ব – সিত্ৰাং।তিনিদিন পূৰ্বৰ পূৰ্বাভাসত নিৰ্দেশ আছিল, সম্ভাৱ্য ঘূৰ্ণী বতাহ বাংলাদেশ আৰু ভাৰতত পশ্চিম বংগৰ সুন্দৰবন উপকূলৰ ওপৰেৰে স্থলভাগেৰে প্ৰৱেশ কৰিব পাৰে।
যদিও ৯ অক্টোবৰৰ পূৰ্বাভাসত নিৰ্দেশ কৰা হৈছে যে সম্ভাৱ্য ঘূৰ্ণী বতাহ ভাৰতৰ অন্ধ্ৰ প্ৰদেশ উপকূলৰ ওপৰেৰে স্থলভাগেৰে প্ৰৱেশ কৰিব পাৰে।