গোলাঘাট নগৰৰ থানা চাৰিআলি এলেকাত মাজনিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। লুচিয়াচ কিটচেন নামৰ এখন ৰেষ্টুৰেণ্টৰ পৰা জুইৰ সূত্ৰপাত ঘটাত ব্যাপক ক্ষতিগ্ৰস্ত হয় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ। কেমেৰাৰ সন্মুখতে বিস্ফোৰণ ঘটে LPG চিলিণ্ডাৰৰ।
গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখৰ এটা বিল্ডিঙত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোত কেইবালাখ টকাৰ সা–সম্পত্তি বিনষ্ট হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলত অধিক ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো।
স্থানীয় লোকে অনুমান কৰা মতে লুচিয়াচ কিটচেন নামৰ ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ইফালে, ৰেষ্টুৰেণ্টখনৰ ৰান্ধনী শালৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ১১টাকৈ এলপিজি চিলিণ্ডাৰ কৌশলেৰে বাহিৰ কৰাত নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰে অঞ্চলটো।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ অভিযোগ অনুসৰি লুচিয়াচ কিটচেন নামৰ ৰেষ্টুৰেণ্টখনে নিয়ম উলংঘা কৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে আঠটাকৈ ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল ৰান্ধনীশালত।
ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালৰ লগতে সমবায় সমিতিৰ এটা কাৰ্যালয় আৰু আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয়। উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানত এজনো কৰ্মচাৰী উপস্থিত নাছিল।