বৰপেটাত স্কুলৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিবলৈ আহি আৰক্ষীৰ জালত চাৰি কিশোৰ


 

বৰপেটাত এগৰাকী ছাত্ৰীক স্কুলৰ চৌহদৰ পৰা চাৰি যুৱকে ঘৰত মাকৰ অসুখ হোৱা বুলি কৈ লৈ যাবলৈ ওলাওঁতেই  শিক্ষক–শিক্ষয়িত্ৰীয়ে বাধা দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে।


ঘটনাৰ বিৱৰণী মতে, শিক্ষকক ফোন কৰি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ঘৰলৈ পঠিয়াই দিবলৈ কয়। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ঘৰৰ মানুহক আহি নিবলৈ কোৱাৰ কিছু সময় পিছতে ৪ কিশোৰে ছাত্ৰীগৰাকীক নিবলৈ বিদ্যালয়খনলৈ আহে। ছাত্ৰীগৰাকীয়েও ওলাই অহা প্ৰত্যক্ষ কৰি শিক্ষয়িত্ৰীয়ে ৪ কিশোৰক মাতি আনি সোধা–পোছা কৰে।


নিজৰ আচল পৰিচয় লুকাই ৪ কিশোৰে অন্য নাম উল্লেখ কৰে। শেষত কথাৰ মাজত অমিল পাই বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।


বৰপেটাৰ ছায়াৰাম ছোৱালী স্কুলত সংঘটিত এই ঘটনা অপহৰণমূলক বুলি সন্দেহ কৰা হৈছে যদিও এতিয়ালৈ ৪ কিশোৰৰ উদ্দেশ্যৰ বিষয়ে জানিব পৰা হোৱা নাই। অপহৰণৰ সন্দেহত ৪ কিশোৰক আটক কৰে আৰক্ষীয়ে। সম্প্ৰতি তেওঁলোকক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post