তুষাৰপাতৰ লগতে বৰষুণ, শুভ্ৰ বৰফৰ চাদৰেৰে মুখ ঢাকিলে ভূ–স্বৰ্গই



শীত আৰম্ভ হওঁ হওঁ। তাৰ পূৰ্বে ভূ–স্বৰ্গ কাশ্মীৰত বৰফৰ চাদৰ। শুভ্ৰ বৰফৰ চাদৰেৰে মুখ ঢাকিলে ভূ–স্বৰ্গ কাশ্মীৰে।কাশ্মীৰৰ সোণমাৰ্গ আৰু আপাৰ গুলমাৰ্গ অঞ্চলত তুষাৰপাত।গুলমাৰ্গৰ বিভিন্ন অতিথিশালাৰ ওপৰত এতিয়া বৰফৰ আচ্ছাদন। ঘৰৰ ছাঁদৰ পৰা চকী–টেবুললৈ সকলোতে বৰফৰ প্ৰলেপ।বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান, গুলমাৰ্গসহ কাশ্মীৰ উপত্যকাৰ আন অংশত বৃহস্পতিবাৰ পৰ্যন্ত তুষাৰপাতৰ পূৰ্বাভাষ আছে।কুপৱাড়া জিলাতো প্ৰচণ্ড তুষাৰপাত দেখা গৈছে।তুষাৰপাত আৰু বৰষুণ আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে।প্ৰতিকূল বতৰৰ বাবে উপত্যকাৰ আপেল কৃষকসকলক সতৰ্ক কৰা হৈছে। কাৰণ তীব্ৰ তুষাৰপাতত ক্ষতিগ্ৰস্ত হয় আপেল খেতি।

Post a Comment

Previous Post Next Post